কলিয়াবৰত চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা এজনক

 08/06/2019 - 15:19

কলিয়াবৰঃ সোমবাৰে নিশা প্ৰায় ১২.৩০ মান বজাত কলিয়াবৰৰ মিছা হাটবাগান বস্তিত এক হত্যাকাণ্ড সংঘটিত হয়। জানিব পৰা অনুসৰি মিছাৰ হাতবাগান বস্তিৰ আমিৰ হুছেইন খান (৩৫) নামৰ লোক জনে নিশা নিজ গৃহতে শুই থকা অৱস্থাতে কোনো দুস্কৃতিকাৰীয়ে আমিৰক চোকা অস্ত্রৰে ডিঙি কাটি হত্যা কৰি পলায়ন কৰে। অৱশ্যে মিছা আৰক্ষীৰ সহকাৰী আৰক্ষী বিষয়া হৰেশ্বৰ বৰাৰ নেতৃত্বত এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে কলিয়াবৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া খৰ্গেশ্বৰ বৰদলৈৰ সহযোগত নগাঁৱৰ পৰা প্ৰশিক্ষণ প্ৰাপ্ত কুকুৰ আনি ঘটনাস্থলীত তদন্ত অব্যাহত ৰাখিছে যদিও প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ সফলতা অৰ্জন কৰিব নোৱাৰিলে আৰক্ষীয়ে।

অৱশ্যে পূৰ্বে অপৰাধমূলক গোচৰত অভিযুক্ত আছিল আমিৰ হুছেইন খান। নিজৰ ভুল স্বীকাৰ কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পনো কৰিছিল আমিৰে। ইয়াৰ পিছৰে পৰা দুস্কৃতিকাৰীক বহু অপৰাধমূলক কামৰ বিৰুদ্ধে মাত মাতি অহাৰ লগতে আৰক্ষীকো দুস্কৃতিকাৰীৰ বিৰুদ্ধে সহায়ৰ হাত আগবঢ়াই আহিছিল আমিৰে। এনেবোৰ কাৰণতে দুস্কৃতিকাৰীৰ মূৰৰ কামোৰণী হৈ পৰিছিল আমিৰ আৰু যোৱা নিশা শোৱাপাতিতে কোনো দুৰ্বৃত্তই ডিঙিকাটি হত্যা কৰে আমিৰক।

প্ৰাৰম্ভিক তদন্তত কোনো দুস্কৃতিকাৰী আৰক্ষীৰ জালত পৰা নাই যদিও পৰিয়ালৰ অভিযোগ অনুসৰি আৰক্ষীয়ে সন্দেহবশতঃ বাবুল হুছেইন নামৰ লোক জনক সোধপোছৰ কাৰণে আৰক্ষী চকীলৈ লৈ আনে। আনহাতে পৰিয়ালৰ অভিযোগ অনুসৰি প্ৰায় ৫জনতকৈ অধিক দুস্কৃতিকাৰী এই হত্যাকাণ্ডটোৰ লগত জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে লগতে বাবুল হুছেইন নামৰ এজন লোকক হত্যাকাণ্ডটোৰ লগত জড়িত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।