নলবাৰীত প্ৰধানমন্ত্ৰী আবাস যোজনা(গ্ৰামীণ)ৰ অধীনৰ গৃহ নিৰ্মাণৰ কাম শুভাৰম্ভণি

 08/06/2019 - 16:32

নলবাৰীঃ প্ৰধানমন্ত্ৰী আবাস যোজনা(গ্ৰামীণ)ৰ অধীনত আজি নলবাৰী সমষ্টি আৰু বৰক্ষেত্ৰী সমষ্টিত গৃহ নিৰ্মাণৰ কাম শুভাৰম্ভণি কৰা হয়৷ নলবাৰী সমষ্টিৰ অন্তৰ্গত পূব নলবাৰী উন্নয়ন খণ্ড আৰু বড়িগোগ-বনভাগ উন্নয়ন খণ্ডত প্ৰথম পৰ্যায়ত আবণ্টিত ৬১৮ টা আবাসৰ প্ৰতিটো পঞ্চায়ত সামৰি ২০০টা আবাস গৃহ আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই৷ আনহাত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই মুকালমুৱা আৰু নাৰায়ণপুৰ গাঁও পঞ্চায়তত খণ্ড উন্নয়ন বিষয়াৰ উপস্থিতিত এই আবাস গৃহৰ শুভ উদ্বোধন কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।