নাওবৈচাত অস্থায়ী বিলক্লাৰ্ক, মিটাৰ ৰিডাৰ কৰ্মী সন্থা আৰু পৰীক্ষাৰ্থীসকলৰ অসহযোগ আন্দোলন

 08/06/2019 - 18:03

লালুকঃ সমগ্ৰ অসমৰ লগতে দেখা হ’ল লখিমপুৰ জিলাৰ নাওবৈচা বিদ্যুৎ উপ সংমণ্ডলতো অস্থায়ী বিলক্লাৰ্ক, মিটাৰ ৰিডাৰ কৰ্মী সন্থা আৰু পৰীক্ষাৰ্থীসকলে এক প্ৰতিবাদ কাৰ্যসূচী পালন কৰে। যোৱা ২৮ মাৰ্চত সদৌ অসমত অনুষ্ঠিত হোৱা এপিডিচিএলৰ লিখিত পৰীক্ষাৰ ফলাফল এতিয়া লৈকে ৰাজহুৱা বাবে ঘোষণা নকৰাৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে আজি দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ লখিমপুৰ জিলাৰ নাওবৈচা বিদ্যুত উপ সংমণ্ডল চৌহদত অস্থায়ীকৰ্মীসকলে বিদ্যুত বিভাগ হাই হাই, অনতিপলমে এপিডিচিএল পৰীক্ষাৰ ফলাফল ৰাজহুৱা বাবে ঘোষণা কৰক বুলি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। চৰকাৰে অস্থায়ী কৰ্মীসকলৰ দাবী মানি নল’লে সদ্যহতে গুৱাহাটী বিজুলী ভৱনৰ সম্মুখত তীব্ৰ আন্দোলন কৰিব বুলি হুংকাৰ প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।