শিশু শিক্ষা সমিতিৰ পূৰ্ণকালীন কাৰ্যকৰ্তা দীনেশ শৰ্মাৰ অৱসৰ গ্ৰহণ

 08/06/2019 - 18:09

উত্তৰ গুৱাহাটীঃ শিশু শিক্ষা সমিতিৰ পূৰ্ণকালীন কাৰ্যকৰ্তা দীনেশ শৰ্মাই আজি কৰ্মজীৱনৰ পৰা অৱসৰ লৈছে। এই কথা শিশু শিক্ষা সমিতিৰ প্ৰচাৰ সম্পাদক অজয় কুমাৰ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিছে। বিদ্যা ভাৰতী, অখিল ভাৰতীয় সংস্থানৰ সৈতে ১৯৭১ চনৰ পৰা নিজকে জড়িত কৰা শ্ৰীশৰ্মাই শিশু শিক্ষা সমিতিৰ জিলা নিৰীক্ষকৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষণ প্ৰমুখলৈকে বিভিন্ন দায়িত্বত কাৰ্য নিৰ্বাহ কৰিছিল।

কৰ্মজীৱনৰ পৰা অৱসৰ লোৱা উপলক্ষে গুৱাহাটীৰ শিশু শিক্ষা সমিতিৰ কাৰ্যালয়ত আজি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বহু সংখ্যক পূৰ্ণকালীন কাৰ্যকৰ্তা, শিশু শিক্ষা সমিতিৰ বিষয় ববীয়া, কৰ্মচাৰী উপস্থিত আছিল। শিশু শিক্ষা সমিতিৰ স্থায়ী সভাপতি ড০ নিৰ্মল কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী, সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰ, বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰচাৰ বিভাগৰ সম্পাদক ছাঞ্চিৰাম পায়েঙকে ধৰি শিশু শিক্ষা সমিতিৰ বহু কেইগৰাকী বিষয়ববীয়াই শৰ্মাই শিশু শিক্ষা সমিতিলৈ আগঢ়োৱা জীৱন জোৰা অৱদানৰ কথা সোঁৱৰণ কৰে। বিদায় পৰত তেওঁক মানপত্ৰ, ফুলাম গামোছা, চেলেং, শৰাই, জাপি, ছাতি, গীতা কীৰ্তনপুথি আদি উপহাৰ দি সন্মান যাঁচে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।