ৰঙিয়াত ঠিকা ভিত্তিক শিক্ষকৰ শ্ৰেণী বৰ্জন

 08/06/2019 - 19:29

ৰঙিয়াঃ সমগ্র ৰাজ্যৰ লগতে ৰঙিয়াটো ৰঙিয়া বীৰদত্ত হাইস্কুলৰ ঠিকা ভিত্তিক শিক্ষকসকলে ২ আগষ্টৰ পৰা ৬ আগষ্টলৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী অব্যাহত ৰাখে। যাৰ ফলত বিদ্যালয়সমূহত পাঠ দানৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে। এই সংক্ৰান্তত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি প্ৰতিবাদকাৰী শিক্ষকসকলে কয় যে ২০১০ চনতে নিযুক্তি দিয়া ৬৫০০ জন ঠিকাভিত্তিক শিক্ষকৰ চাকৰি এতিয়াও নিয়মীয়াকৰণ নকৰিলে।

প্ৰতিবাদী শিক্ষকসকলে বাৰে বাৰে ৰাজ্য চৰকাৰক তেওঁলোকৰ চাকৰী নিয়মীয়াকৰণ কৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰ দৃষ্টি আকৰ্ষণ কৰিছে যদিও চৰকাৰে গুৰুত্ব নিদিলে। সেয়ে এই সকল শিক্ষকে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ইফালে ৭ আগষ্টত ঠিকাভিত্তিক শিক্ষকসকলে অসমৰ প্ৰতিখন জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জিলা ঠিকাভিত্তিক শিক্ষক সন্থাৰ উপদেষ্টা দীপচৰণ দাসে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।