নলবাৰীত দিন দুপৰতে চুৰিকাণ্ড

 08/06/2019 - 20:12

নলবাৰীঃ নলবাৰী চহৰৰ সমীপৰ মাজদিয়াত দিন দুপৰতে চুৰি। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান। মাজদিয়া নিৱাসী ডাঃ অশোক তালুকদাৰ আৰু শিক্ষয়িত্ৰী চুমি মেধি তালুকদাৰৰ ঘৰত চুৰিকাণ্ড সংঘটিত হয়। ঘৰৰ পৰা কৰ্তব্যলৈ বুলি ওলাই যাওঁতে চোৰে সুযোগ বুজি ঘৰত কোনো নথকাত দুৱাৰৰ তলা ভাঙি লুটপাত চলায়।

চোৰে সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন দহ হাজাৰ টকা চুৰি কৰি নিয়ে। জানিব পৰা মতে পৰিয়ালটোৰ প্ৰায় ৬ লাখ টকাৰ সা-সম্পত্তি চোৰে লৈ যায়। ইফালে ঘটনাটো সংঘটিত হোৱাৰ পিছত নলবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।