ব্যাহত হোৱাৰ দিশে সীমান্তবাসীৰ যাতায়াত ব্যৱস্থা

 08/06/2019 - 20:25

সৰুপথাৰঃ ব্যাহত হোৱাৰ দিশে সীমান্ত বাসীৰ যাতায়াত ব্যৱস্থা। উৰিয়ামঘাট-ঘোলাপানী সংযোগী গড়কাপ্টানি পথটোত হাতীডুবী গাঁৱৰ সমীপত ৰেংমা নদীৰ খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। এই খহনীয়াই ব্যাপক ভাবুকি কঢ়িয়াই আনিছে উক্ত অঞ্চলটোৰ ৰাইজলৈ। অতি সোনকালেই যদি এই খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে আগন্তুক সময়ত ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে যাতায়তৰ বাবে দুৰ্ভোগ ভুগিব লগা পৰিস্থিতিৰ উদ্ভৱ হ'ব।

এই ক্ষেত্ৰত প্ৰশাসনক অতি শীঘ্ৰেই উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই আহ্বান জনাইছে। অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই। শেহতীয়াকৈ উক্ত ঠাইত সীমান্ত দণ্ডাধীশ আৰু উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।