এনআৰচিৰ সমস্যা সমাধানৰ দাবীত কয়াকুছিত সমূহীয়া প্ৰতিবাদী সভা

 08/07/2019 - 14:38

বৰপেটাঃ নামনি অসমৰ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিশ্ববিখ্যাত ঢাৰী নগৰী তথা শিক্ষা নগৰী কয়াকুছি বজাৰত মঙলবাৰে আবেলি এনআৰচিৰ নামত হঠাতে হাজাৰ হাজাৰ জাননী জাৰি কৰি হাৰাশাস্তি বন্ধ কৰা আৰু অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰাৰ দাবীত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। কয়াকুছিৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা সচেতন নাগৰিক মঞ্চ, কয়াকুছি, সমন্বয় সাহিত্য গোষ্ঠী, কয়াকুছি আৰু কয়াকুছি আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সমূহীয়া উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

কয়াকুছিৰ বিশিষ্ট জ্যেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছোহৰাব আলীৰ সভাপতিত্বত অনুষ্ঠিত এই প্ৰতিবাদী সভাত শংকৰ-আজান ৰুৰেল ডেভেলপমেণ্ট ছ’চাইটীৰ সচিব আব্দুল জলিলে আদৰণি ভাষন দিয়াৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে সমন্বয় সাহিত্য গোষ্ঠী, কয়াকুছিৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদে। সভাত উপস্থিত থাকি কয়াকুছিৰ বিশিষ্ট বামপন্থী নেতা পিয়াৰুল ইছলাম আহমেদে তত্বগধুৰ ভাষন আগবঢ়াই কয় যে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই মাত্ৰ কেইঘণ্টামান সময়ৰ আগত ৰিভেৰিফিকেচনৰ নামত সাধাৰণ ৰাইজক নামনি অসমৰ পৰা উজনি অসমৰ বিভিন্ন স্থানত উপস্থিত হ'বলৈ নিৰ্দেশনা জাৰি কৰি হাৰাশাস্তি কৰিছে।

এন আৰ চিৰ হিয়াৰিঙত উপস্থিত হ'বলৈ যাওঁতে ইতিমধ্যে কেইবাজনে দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ লগতে কিছুমানে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিবলগীয়া হৈছে। উক্ত প্ৰতিবাদী সভাত উপস্থিত থাকি আমছুৰ বৰপেটা জিলা সমিতিৰ সভাপতি নজৰুল ইছলাম, উপ সভাপতি আব্দুল জুব্বাৰ, সচেতন নাগৰিক মঞ্চৰ হৈ অধ্যাপক আব্দুছ ছাত্তাৰ চৌধুৰী, কৃষক মুক্তিৰ কয়াকুছি আঞ্চলিকৰ সম্পাদক হাছেন আলীকে ধৰি গণ্য-মান্য ব্যক্তিসকলে ভাষন আগবঢ়ায়।

সভাৰ শেষত কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ জৰিয়তে অসমৰ জ্বলন্ত সমস্যা বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰা আৰু এন আৰ চি সমস্যাৰ সমাধান বিচাৰি ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।