কোকৰাঝাৰত এনডিএফবিৰ সদস্যসহ অস্ত্ৰ-শস্ত্ৰ জব্দ

 08/07/2019 - 18:01

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ পাটগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ভূৰাগাজা অঞ্চলত মঙলবাৰৰ নিশা সেনা-আৰক্ষীয়ে যৌথ অভিযান চলাই এগৰাকী এনডিএফবি(এচ) কেডাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত এনডিএফবি কেডাৰগৰাকীক জিলাখনৰ পাটগাঁও, ৩ নং ভূৰাগাজাৰ মিলন বসুমতাৰী বুলি আৰক্ষীয়ে সদৰি কৰিছে। ধৃত এনডিএফবি সদস্যগৰাকীৰ জিন্মাৰ পৰা সেনা আৰক্ষীয়ে পিষ্টলৰ পাঁচজাই গুলী, আন কিছু সা-সামগ্ৰী আৰু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে।

কোকৰাঝাৰ আৰক্ষীয়ে সদৰি কৰা মতে এক বিশেষ সূত্ৰৰ পমখেদি কালি নিশা বিছমুৰী আৰক্ষী আৰু ভাৰতীয় সেনাৰ ১২ নং শিখলাই ৰেজিমেণ্টে যৌথ অভিযান চলাই এনডিএফবিৰ স্থানীয়ভাৱে প্ৰশিক্ষিত সদস্য মিলন বসুমতাৰীক আটক কৰিবলৈ সক্ষম হয়। স্বাধীনতা দিৱসৰ পূৰ্বে এনডিএফবি সদস্য আটক হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।