হাউলীত নিজ গাড়ী বিক্ৰী কৰা গোচৰীয়াসহ ৪ জনক গ্ৰেপ্তাৰ

 08/07/2019 - 20:12

হাউলীঃ বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত কালজাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা ৫ আগষ্টৰ নিশা নিজৰ নামত থকা বলেৰ’ পিকআপ এখন অন্য ঠাইত গোপনে বিক্ৰী কৰি উক্ত গাড়ীখন অতি কৌশলেৰে চাৰি পাঁচ জনীয়া দুষ্কৃতিকাৰীৰ দলে কালজাৰৰ পৰা কাঢ়ি লৈ যোৱা বুলি কৈ হাউলী আৰক্ষী থানাত এজাহাৰ দিবলৈ আহি জমিৰ দেৱানসহ চাৰিজন লোক আটক হ'বলগীয়া হোৱা ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে বাঘবৰ থানাৰ অন্তৰ্গত শেওৰাৰ ভিটা গাঁৱৰ আব্দুল খালেক দেৱানৰ পুত্ৰ আলাল দেৱানৰ নামত থকা এএচ ২৫ ডিচি ৭৪৩৭ নম্বৰৰ বলেৰ’ পিকআপ গাড়ী এখন নগাঁৱৰ পৰা আহি থকা অৱস্থাত হাউলীৰ ওচৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা ৫ আগষ্টৰ নিশা চাৰি পাঁচ জনীয়া দুষ্কৃতিৰ দলে পিষ্টল দেখুৱাই গাড়ীসহ আলাল দেৱানৰ লগত থকা নগদ মুঠ ৩৩ হাজাৰ ৪ শ টকা লুট কৰি নিয়া বুলি হাউলী থানাত এজাহাৰ দিবলৈ আহি আলাল দেৱানৰ ভাতৃ জমিৰ দেৱান নিজেই আটক হ'বলগীয়া হয়| প্ৰকৃততে উক্ত গাড়ীখন চুৰি নোহোৱাৰ নিশ্চিত তথ্য লাভ কৰি আৰক্ষীয়ে জোৰদাৰ তদন্তৰ অন্তত উক্ত গাড়ীখন গাড়ীৰ মালিক আলাল দেৱানে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ জিয়াৰুল আলীৰ ওচৰত অতি গোপনে ৯০ হাজাৰ টকাত বিক্ৰী কৰিছে বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে।

আনকি কৌশলপূৰ্ণভাৱে উক্ত কাৰ্য সংঘটিত কৰি বীমা কোম্পানীৰ পৰা টকা উলিয়াবলৈহে এই ষড়যন্ত্ৰ কৰা হৈছে বুলি হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসে জানিবলৈ দিয়ে| উক্ত ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯৫/৩৩৮/১৯ নম্বৰৰ গোচৰ এটি পঞ্জীয়ন কৰি বাঘবৰ থানা এলেকাৰ শেওৰাৰ ভিটাৰ জালাল দেৱান, আলাল দেৱান, জমিৰ দেৱান তিনি ভাই-ককাইসহ (শিলকুছি পাথাৰ)ৰ লুকমান আলী নামৰ চাৰিজন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। হাউলী আৰক্ষীয়ে এই ষড়যন্ত্ৰকাৰীসকলক আটক কৰিবলৈ সক্ষম হোৱাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।