কামপুৰত পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতিৰ অভিযোগ

 08/08/2019 - 13:53

কামপুৰঃ কামপুৰত পথ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠন কৰাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি প্ৰতিবছৰে বানত ককবকাই থকা কামপুৰৰ তেলিয়াআটি সংযোগী পথটো নিৰ্মাণত হৈছে ব্যাপক দুৰ্নীতি। উল্লেখ্য যে নগাঁও জিলাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনত নিৰ্মাণ হৈ থকা ২.৪ কিলোমিটাৰ পথ ২.৭৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি আছে। এখন দলং আৰু চাৰিটাকৈ কালৰ্ভাট নিৰ্মাণ হ'বলগীয়া পথটোত অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।

প্ৰতিটো বানত ডুব যোৱা পথটোৰ চাপৰ হোৱাৰ লগতে চাইদ বামত নিম্ন পৰিমানৰ মাটি দিয়াৰ বাবে পথটোক লৈ শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। তদুপৰি পথটোত ৰাবিচৰ সলনি ব্যৱ্হাৰ কৰি থকা হৈছে পাহাৰৰ ৰঙামাটি। পথটো লেহেমীয়া গতিত নিৰ্মাণ হোৱাৰ বাবে বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী যোৱা, ৰোগীক চিকিৎসালয়লৈ নিয়াকে ধৰি বিভিন্ন সমস্যাত ভূগিছে স্থানীয় ৰাইজ। ঠিকাদাৰজনক ৰাইজে এই সম্পৰ্কত প্ৰশ্ন কৰিলে তেওঁ বিভিন্ন চালে বেৰে কোবোৱা কথা কোৱাৰ অভিযোগ উঠিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।