যোগীঘোপাত স্কুলীয়া ছাত্ৰীৰ আত্মহত্যা

 08/08/2019 - 15:29

অভয়াপুৰীঃ যোগীঘোপা আৰক্ষী চকীৰ অন্তৰ্গত হকৌডুবাত স্কুলীয়া ছাত্ৰীৰ আত্মহত্যা। যোগীঘোপা আৰক্ষী চকীৰ অন্তৰ্গত হাকোডোবাত বুধবাৰে এগৰাকী স্কুলীয়া ছাত্ৰীৰ আত্মহত্যা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। ইটা ভাটা খুলিৱলৈ জহুৰা খাতুন (১৬)নামৰ ছাত্ৰীগৰাকীৰ বাসগৃহ ভাঙি দিয়াৰ ভাবুকি দিয়ে মইয়ুদ্দিন নামৰ টিলা পাৰাৰ ব্যক্তিগৰাকীয়ে।

ভয় আৰু হতাশাগ্ৰস্ত হৈ খেৰপুজি এম.ই স্কুলৰ ছাত্ৰী জহুৰা খাতুনে আত্মহত্যাৰ পথ বাছি লয় বুলি জানিব পৰা গৈছে। দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰে যোগীঘোপা আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।