নলবাৰীত গছপুলি ৰোপণ কাৰ্যসূচী

 08/08/2019 - 15:45

নলবাৰীঃ নলবাৰী জিলাৰ অন্তৰ্গত তিলানা গাঁওস্থিত তামুলী ফাৰ্মত আজি এম জে পি গ্ৰুপৰ চেয়াৰমেন জেহেৰুল ইছলামৰ উদ্যোগত অগৰু গছ পুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই গছপুলি ৰোপণ কাৰ্যসূচীত নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, গুৱাহাটী আই আই টিৰ অধ্যাপক লিঙ্গুৰাজ চাহু, নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালৰ অধ্যক্ষ তথা তামুলী ফাৰ্মৰ স্বত্বাধিকাৰী গনেশ তামুলী আৰু নলবাৰী জিলা কৃষি বিষয়া উপস্থিত থাকে।

জিলা উপায়ুক্তগৰাকীৰ উপস্থিতিত ফাৰ্মখনত প্ৰায় ৫০০ অগৰু গছৰ পুলি ৰোপণ কৰা হয়। এই গছপুলি ৰোপণ কাৰ্যসূচীত অঞ্চলটোৰ ভালে কেইগৰাকী সমাজকৰ্মী আৰু প্ৰকৃতিপ্ৰেমী ৰাইজ উপস্থিত থকে। নামনি অসমৰ নলবাৰীত পোন প্ৰথম বাৰৰ বাবে টামুলী ফাৰ্মত অগৰু গছ ৰোপণ কৰা হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।