১৪ মাহে অনাদায় এনআৰচিত কৰ্মৰত নৈশ চকীদাৰৰ দৰমহা

 08/08/2019 - 19:05

দলগাঁওঃ ১৪ মাহে দৰমহা অনাদায় হৈ আছে এনআৰচিত কৰ্মৰত নৈশ চকীদাৰৰ। এনআৰচি শুনানিৰ নামত সাধাৰণ জনতাক হাৰাশাস্তি কৰি অহাৰ অভিযোগ তুলি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰি অহাৰ সময়তে এইবাৰ এনআৰচিৰ কৰ্মৰত কৰ্মচাৰীয়ে দৰমহা নোপোৱাক কেন্দ্ৰ কৰি প্ৰতিবাদমুখৰ কৰ্মচাৰীসকল।

দৰং জিলাৰ দলগাঁৱত এনআৰচিৰ এনএছকে কেন্দ্ৰসমূহত কাম কৰা ৩৮ গৰাকী নৈশ চকীদাৰে ১৪ মাহৰ দৰমহা নোপোৱা ঘটনাটো এনআৰচি কৰ্তৃপক্ষক জনাই অহাৰ পাছতো আদায় নোপোৱাত বৃহস্পতিবাৰে পুনৰ দলগাঁৱস্থিত এনআৰচিৰ কাৰ্যালয়ত এক লিখিত অভিযোগ দাখিল কৰে। এই অভিযোগৰ পিছত দৰমহা আদায় নিদিলে অনাগত দিনত আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।