নলবাৰীৰ ষ্টেট বেংকৰ সন্মুখৰ পৰা ডেৰলাখ টকা লুট

 08/08/2019 - 19:35

নলবাৰীঃ নলবাৰীৰ আৰক্ষী থানাৰ সন্মুখত থকা ভাৰতীয় ষ্টেট বেংকৰ এজন গ্ৰাহকৰ পৰা আজি ডেৰলাখ টকা কাঢ়ি লৈ যায় দুবৃত্তই। অৰুণ বসুমতাৰী নামৰ লোকজনে বেংকৰ পৰা ধনখনি উলিয়াই ঘৰলৈ যাবলৈ লোৱাৰ সময়তে কেইখন মান দহটকীয়া নোট আৰু পঞ্চাছ টকীয়া নোট দুৰ্বৃত্তই ব্যক্তিজনৰ সন্মুখত পেলাই দি অতি কৌশলৰে বেগটো কাঢ়ি পলায়ন কৰে। বাক্সা জিলাৰ বৰিমাখাৰ ব্যক্তিগত খণ্ডৰ শিক্ষক অৰুণ বসুমতাৰীয়ে ইতিমধ্যে নলবাৰী আৰক্ষী থানাত এটা গোচৰো ৰুজু কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।