লখিমপুৰতো আমছুৰ অৱস্থান ধৰ্মঘট

 08/09/2019 - 15:22

লখিমপুৰঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। এনআৰচিৰ শুনানিৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি বন্ধ কৰা, এনআৰচিৰ শুনানিত আহত আৰু নিহতসকলক ক্ষতিপূৰণ আদি ৫ টাকৈ দাবীৰে উত্তাল কৰিলে লখিমপুৰ। এই ৫ দফীয়া দাবীৰে এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জড়িয়তে ৰাজ্যপাললৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।