ওৰাঙত কৃষকে জ্বলাই দিলে নিজৰ হেঁপাহৰ খেতিডৰা

 08/09/2019 - 15:39

ওৰাংঃ চৰকাৰী উন্নত বীজৰ পৰা এতিয়া আপুনি ধান নাপাই পাব কেৱল পতান। এই ঘটনা সংঘটিত হৈছে ওৰাঙৰ গৰৈমাৰীত। এইবাৰ বানপানী নহয়, বানপানীৰ পৰিবৰ্তে এইবাৰ কৃষকৰ পকা ধানহে হৈ পৰিছে ডাঙৰ সমস্যা। গৰৈমাৰী গাঁৱৰ কৃষকে এতিয়া ধানৰ ঠাইত পতান ওলোৱা বাবে মূৰে কপালে হাত দিব লগা হৈছে। ওদালগুৰি জিলাৰ ৰৌতাস্থিত কৃষি বিভাগৰ কাৰ্যালয়ৰ জড়িয়তে গাঁওখনৰ কৃষকসকলক উন্নত ধানৰ বীজ যোগান ধৰিছিল।

কিন্তু কৃষি বিভাগে যোগান ধৰা এই ধানৰ বীজ মূৰকত গৈ উৎপাদন হ'ল কেৱল পতান। যাৰ বাবে অতি কষ্টৰে খেতি কৰাৰ পাছতো কৃষকে জ্বলাই দিব লগা হৈছে ধান খেতি। ইয়াৰ উপৰি পকা ধানৰ খেতিৰ ওপৰত এৰাল দিব লগা হৈছে পোহনীয়া গৰু-গাই। বিঘাই প্ৰতি ২৫-৩০ মোন কৈ ধান উৎপাদন হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল কৃষি বিভাগৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে। কিন্তু ২৫-৩০ মোনকৈ ধান উৎপাদন হোৱাটো বাদেই কাটিবই নাপালে পকা ধান। যাৰ ফলত এতিয়া ‌কৃষি বিভাগৰ পৰা প্ৰতাৰিত হৈ জ্বলাই দিব লগা হৈছে অতি কষ্টৰে খেতি কৰা পকা ধান৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।