ভূপেন্দ্ৰময় হৈ পৰিল বৰপেটা জিলা পুথিভঁৰাল চৌহদ

 08/09/2019 - 15:55

হাউলীঃ ডঃ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান প্ৰদান কৰাৰ উপলক্ষে বৃহস্পতিবাৰে সন্ধিয়া বৰপেটা জিলা পুথিভঁৰাল চৌহদত এটি মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত প্ৰথমে ডঃ হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই শুভাৰম্ভ কৰা এই কাৰ্যসূচীত স্থানীয় ভালে স্ংখ্যক বিশিষ্ট নাগৰিকেও অংশগ্ৰহণ কৰে।

ইয়াৰ পিছতে পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এখন সভাত বৰপেটা সত্ৰৰ অধিকাৰ বশিষ্ঠ দেৱ শৰ্মা, সুন্দৰীদিয়া সত্ৰৰ অধিকাৰ জগন্নাথ অধিকাৰী, বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰ্জুন চন্দ্ৰ দাস, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ব্ৰজেন দাস আৰু বিশিষ্ট সংগীতজ্ঞ প্ৰদীপ কুমাৰ মিশ্ৰ্ই সুধাকণ্ঠ হাজৰিকাৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি ভাষণ দিয়ে।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আদৰণী ভাষণ দিয়ে। তেওঁ ভূপেন হাজৰিকাৰ গীতৰ মাজেৰে দিয়া সামাজিক বাৰ্তাসমূহ সাৰোগত কৰি আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায়। ইয়াৰ পিছতে শিল্পী থিয়াম দাস, দেৱদীপ কলিতা, হিতেশ মেধী আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ বাবুল দাসে ভূপেন হাজৰিকাৰ কেইটিমান কালজয়ী গীত পৰিৱেশন কৰে। অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ উপৰি যথেষ্ট সংখ্যক দৰ্শক শ্ৰোতা উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।