মহানগৰীৰ হোটেল মা-কালীত ওলমিল তলা

 08/09/2019 - 16:21

গুৱাহাটীঃ খাদ্য সুৰক্ষা বিভাগে শুকুৰবাৰে পুৱা তলা ওলোমালে মহানগৰীৰ হোটেল মা-কালীত। ৭ দিনৰ বাবে বন্ধ কৰা হয় হোটেলখন। খাদ্য সুৰক্ষা বিষয়া চম্পক পাঠকে জানিবলৈ দিয়া অনুসৰি তেওঁৰ নেতৃত্বত বুধবাৰে খাদ্য সুৰক্ষা বিভাগে এক অভিযান চলাইছিল পল্টন বজাৰস্থিত মা-কালী হোটেলত। অভিযানৰ সময়ত হোটেলখনৰ ৰন্ধনশালা অপৰিস্কাৰ অৱস্থাত প্ৰত্যক্ষ কৰে খাদ্য সুৰক্ষা বিভাগৰ দলটোৱে।

লগতে এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে পাকঘৰটো ৰাখিছে হোটেল কৰ্তৃপক্ষই। অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত গ্ৰাহকক ‘সু-স্বাদু’ ব্যঞ্জনৰ যোগান ধৰি অহা হেতুকে খাদ্য সুৰক্ষা বিষয়া চম্পক পাঠকে বৃহস্পতিবাৰে হোটেলৰ মালিক দিলীপ পদ্দাৰলৈ এক জাননী জাৰি কৰি শুকুৰবাৰৰ পৰা এসপ্তাহৰ বাবে হোটেলখন বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।