ইমৰান খানৰ হুংকাৰঃ ভাৰতৰ সৈতে যুদ্ধ কৰিবলৈ সাজু পাকিস্তান

 08/09/2019 - 17:01

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা বিশেষাধিকাৰ কৰ্তন কৰি ভাৰত চৰকাৰে ৰাজ্যখনক কেন্দ্ৰীয় শাসিতৰ মৰ্যাদা প্ৰদান কৰাৰ পিছতে ভাৰতৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে পাকিস্তান। জম্মু-কাশ্মীৰক লৈ ভাৰতৰ ওপৰত অসন্তুষ্ট পাকিস্তানে ভাৰতৰ সৈতে দ্বিপক্ষীয় কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কিছু সময়ৰ পিছতে ৰাষ্ট্ৰখনত থকা ভাৰতীয় উচ্চায়ুক্ত অজয় বিচাৰিয়াকো পাকিস্তানৰ পৰা বহিষ্কাৰ কৰিছে।

জম্মু-কাশ্মীৰক লৈ ভাৰতৰ ওপৰত অসন্তুষ্ট হৈ শেহতীয়াকৈ ৰাষ্ট্ৰখনত ভাৰতীয় চিনেমাও নিষিদ্ধ কৰিছে। উল্লেখ্য যে ৩৭০ অনুচ্ছেদক লৈ পাকিস্তানৰ সদনত সৃষ্টি হৈছে হুলস্থূলীয়া পৰিস্থিতি। বৃহস্পতিবাৰে পাকিস্তানৰ প্ৰধান মন্ত্ৰীয়ে এটা টেলিভিশ্যন চেনেলৰ সাক্ষাৎকাৰত মন্তব্য কৰে যে ভাৰতে যদি যুদ্ধ বিচৰা নাই তেন্তে ভাৰতক উচিত প্ৰত্যুত্তৰ দিবলৈ আমি সাজু আছো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।