বৈদেশিক মন্ত্ৰী হিচাপে ৩০ খন দেশৰ প্ৰতিনিধিৰে আলোচনা কৰিছিল সুষমা স্বৰাজে

 08/09/2019 - 17:06

ডিজিটেল ডেস্কঃ সদ্যপ্ৰয়াত ভাৰতৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে ৩০ খন বিদেশী ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত কৰিছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত ৩০ খন দেশৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপ কৰিছিল ভাৰতৰ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা দপ্তৰৰ এগৰাকী মুখপাত্ৰই। এই সন্দৰ্ভত মন্তব্য কৰি কয় যে সুষমা স্বৰাজে দক্ষিণ-পূব এছিয়াৰ কেইবাখনো দেশৰ লগতে আফ্ৰিকাৰো ভালেকেইখন দেশৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপ কৰিছিল।

মুখপাত্ৰগৰাকীয়ে লগতে কয় যে এই আলোচনা কালতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে বিশ্বৰ কেইবাখনো দেশৰ বাণিজ্যিক সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত বিস্তৃতভাৱে আলোচনা কৰিছিল। উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ মজিয়াত পাকিস্তানে কাশ্মীৰৰ বিষয়টোক ভুলভাৱে উপস্থাপন কৰি আহিছে। প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে সেই ভুল ভাঙিবলৈ সম্ভৱ হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।