মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ লিডু অঞ্চলৰ নৱপ্ৰতিষ্ঠিত লিডু কেন্দ্ৰীয় বাণিজ্য মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাখনি আজি মহাবিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈ যায়। সভাৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰকাশ কৰি উলিওৱা দুখন প্ৰাচীৰ পত্ৰিকা ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষ্মীনাথ হালৱা আৰু প্ৰতিবিম্ব লাইভৰ মাৰ্ঘেৰিটাস্থ সাংবাদিক তথা কবি গীতা দেৱী নেওগে আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
তদুপলক্ষে অধ্যক্ষ অনিল কোঁৱৰৰ পৌৰোহিত্যত এখনি সভা অনুষ্ঠিত হয়। ছাত্ৰী পূৰ্ণিমা হালৱাৰ আদৰণি বক্তব্য আৰু মহাবিদ্যালয়ৰ আদৰণি গীতেৰে আৰম্ভ কৰা সভাখনৰ আৰম্ভণিতে নৱাগত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পৰিচয় দাঙি ধৰে। তাৰ পাছতে সভাখনত ভাষণ প্ৰদান কৰি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে ছাত্ৰ-ছাত্ৰীসকলক মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰিবলৈ আহ্বান জনায়। তেওঁ শিক্ষক-শিক্ষয়িত্ৰীসকলে যি সপোন দুচকুত লৈ কষ্ট স্বীকাৰ কৰিছে সেই সকলৰ শিৰ নত হোৱাৰ কোনো কাম নকৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।
সভাখনত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি সোমেশ্বৰ নেওগ, বৰগোলাই জিলা পৰিষদৰ সদস্য দিবাকৰ ঠাকুৰ, লিডু শংকৰদেৱ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চুফাতি পমুং মিলি আদিয়ে অতিথি ৰূপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যে তত্বগধুৰ বক্তব্য দাঙি ধৰে।
লিডু শাখা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভানেত্ৰী তথা মাৰ্ঘেৰিটা কলেজৰ প্ৰবক্তা ড° দিপালী বৰপুজাৰী সিনহাই মহাবিদ্যালয়খনৰ প্ৰথমখন বাৰ্ষিক আলোচনী উন্মোচন কৰে। সভাখনত লিডু কলিয়ৰী গাঁও পঞ্চায়তৰ কাউন্সিলাৰ জিতু বৰগোহাঁই অৱসৰপ্ৰাপ্ত শিক্ষক অচ্যুতানন্দ সেনগুপ্ত, অমিক পানিকা, লক্ষ্মীনাথ হালৱা, সমিতিৰ সদস্য চন্দ্ৰ গৌতম মালবিকা বিশ্বাস বিপুল ৰয় মিনা নাথ গগৈ খামলো খামতি কৃষ্ণ প্ৰসাদ শৰ্মা আদি অতিথিৰূপে উপস্থিত থাকে। সভাখনত অন্যতম অতিথিৰূপে উপস্থিত থকা গীতা দেৱী নেওগে এটি স্বৰচিত কবিতা পাঠ কৰে। অনুষ্ঠানত ছাত্ৰীসকলে বিভিন্ন নৃত্য-গীত পৰিবেশনেৰে উপভোগ্য কৰি তোলে।