বজালীত দুৰাৰোগ্য ৰোগত আক্ৰান্ত অসম আন্দোলনৰ সক্ৰিয় কৰ্মী

 08/10/2019 - 14:10

বজালীঃ অসম আন্দোলনত সক্ৰিয়ভাৱে জড়িত এগৰাকী ব্যক্তি। নাম কিশোৰ দাস। বজালীৰ সৰুপেটাৰ নিবাসী এইগৰাকী কিশোৰ দাসে সুৰ বাহীনিৰ জৰিয়তে ৬ বছৰীয়া অসম আন্দোলনত জপিয়াই পৰিছিল। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সহপাঠী দাসে আন্দোলনৰ সময়ছোৱাত কেইবাবাৰো আৰক্ষী-চিআৰপিৰ হাতত প্ৰহৃত হৈ খাতিব লগা হৈছিল কাৰাবাস।

এইগৰাকী ব্যক্তি আজি ৰোগাক্ৰান্ত। বিগত ৬ মাহ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্কট প্ৰতিষ্ঠানত। বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰ, যাত্ৰা দলত সংগীত শিল্পীৰূপে কৰ্মৰত এইগৰাকী শিল্পী তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী কিশোৰ দাসে ভূগিছে তীব্ৰ আৰ্থিক সংকটত। বকুৰ সোঁ অংশত কৰ্কট ৰোগে অধিক জটিল ৰূপ ধাৰন কৰাৰ বাবে কৰিব লগা হৈছে এক জটিল অস্ত্ৰোপ্ৰচাৰ।

যাৰ বাবে প্ৰয়োজন হৈছে কেইবা লক্ষ টকাৰ। সুস্থ হৈ উঠিবৰ বাবে এতিয়া কিশোৰ দাসক প্ৰয়োজন আপোনাৰ অলপ সহায়ৰ। আপোনাৰ অকণমান সহায়ে পুনৰ সুস্থ কৰি উঠাব পাৰে শিল্পীগৰাকীক। কোনো সদাশয় ব্যক্তিয়ে কিশোৰ দাসক সহায়ৰ হাত আগবঢ়াব বিচাৰিলে কিশোৰ দাসৰ পাঞ্জাৱ নেচনেল বেংক সৰুপেটা শাখাৰ AC NO- 3109000100145194 আৰু IFSC CODE PUNB0310900 অথবা 9706040817 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে কিশোৰ দাসে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।