জনীয়াৰ শওপুৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণ

 08/10/2019 - 14:51

জনীয়াঃ পানী শুকুৱাৰ লগে লগে বিভিন্ন বেমাৰ-আজাৰে দেখা দিয়ে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় এন জি অ’ আমেৰিকেয়াৰচ ইণ্ডিয়া ফাউণ্ডেচনে বৰপেটা জিলাৰ ভিন ভিন প্ৰান্তত আৰম্ভ কৰিছে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণ কাৰ্যসূচী। এই ক্ষেত্ৰত সহাযোগিতা কৰিছে জনীয়াৰ অন্যতম ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এন জি অ’ আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদে।

শুকুৰবাৰে জনীয়া বিধান সভা সমষ্টিৰ শওপুৰত বানাক্ৰান্ত লোকৰ মাজত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণ কৰা হয়। শওপুৰত অনুষ্ঠিত চিকিৎসা শিবিৰত নলবাৰী জিলাৰ বৰীটাপা এম পি এইচ চিৰ স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ শ্বাহনুৰ ৰহমান আৰু ডাঃ আবু হানিফ শিকদাৰে ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে। লগতে স্বেচ্ছাসেৱিকা হিচাপে আবিদা খাতুনে সহায় কৰে। উক্ত চিকিৎসা শিবিৰটোৰ জৰিয়তে বানাক্ৰান্ত লোক যথেষ্ট উপকৃত হোৱা বুলি মত পোষন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।