লখিমপুৰত ভেজাল খাদ্যৰ বিৰুদ্ধে দুই সংগঠনৰ অভিযান

 08/10/2019 - 16:04

লখিমপুৰঃ খাদ্য সুৰক্ষাৰ ওপৰত লক্ষীমপুৰত মানৱ অধিকাৰ সংগ্ৰাম সমিতি আৰু হিন্দু যুব পৰিষদে আৰম্ভ কৰিছে এক অভিযান। নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত শনিবাৰে তথ্যসহ জিলাখনত চলি থকা ভেজাল খাদ্যৰ ওপৰত এক সংবাদ মেল আয়োজন কৰে মানৱ অধিকাৰ সংগ্ৰাম সমিতি আৰু হিন্দু যুব পৰিষদে। সংবাদমেলত সংগঠন দুটাই নমুনা হিচাপে জিলাখনত অব্যাহত থকা প্ৰায় ৩০ বিধ ভেজাল খাদ্য সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰে।

যিখিনি খাদ্যৰ পেকেটত নাই কোনো প্ৰস্তুত কৰণৰ তাৰিখ অথবা ম্যাদ উকলাৰ সময় সীমা। একেদৰে কিছু সংখ্যক প্ৰস্তুত কৰ্তা কোম্পানীৰ নাই fssai কোড। এনেদৰে তথ্য সহকাৰে সংবাদ মেল সম্বোধন কৰি সংগঠন দুটাই এই ক্ষেত্ৰত চৰকাৰক ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী তোলে। জিলা খাদ্য সুৰক্ষা বিষয়াগৰাকীয়ে বৃহৎ অংকৰ কমিচনৰ দ্বাৰা ব্যৱসায়ীসকলক এই ধৰণৰ ভেজাল খাদ্য সামগ্ৰী চলাই থাকিবলৈ সুবিধা প্ৰদান কৰি আহিছে বুলিও উত্থাপন কৰে গুৰুতৰ অভিযোগ

অজি কিছুদিন পূৰ্বে ভেজাল খাদ্যৰ বিৰুদ্ধে এই দুই সংগঠনে সংবাদমেল আয়োজন কৰি খাদ্য সুৰক্ষা বিষয়াগৰাকীক দৃষ্টি গোচৰ কৰিছিল কিন্তু বিষয়াগৰাকীয়ে তদন্তৰ বিপৰীতে বাতৰি কাকতত দুই সংগঠন আৰু সংবাদ কৰ্মীৰ ওপৰত ভাবুকি প্ৰদান কৰে। আনহাতে অনাগত দিনত ভেজাল খাদ্যৰ বিৰুদ্ধে দুই সংগঠনে অভিযান অব্যাহত ৰাখিব বুলি সংবাদমেলৰ জৰিয়তে মত প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।