অৰুণাচলৰ দাপৰিজোতাত মহিলাসহ দুই নাবালকক উদ্ধাৰ

 08/10/2019 - 16:24

ঢকুৱাখনাঃ ঢকুৱাখনাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত উজনি বৰ্ষামূখ গাঁৱৰ পৰা আজি প্ৰায় ৬ বছৰ পূৰ্বে অপহৰণ কৰি নি চুবুৰীয়া ৰাজ্যৰ অৰুণাচল প্ৰদেশত এটা অসৎ চক্ৰই বিক্ৰী কৰিছিল মহিলাসহ দুই নাবালকক। ঘিলামৰা কঢ়া চাপৰিৰ মাল মিলি আৰু তেওঁৰ পত্নী ৰেছাম মিলি, আদিছুটি গাঁৱৰ বিৰাচন পায়েং, উমেশ পেগু, পুণেশ্বৰ পায়েং আৰু উজনি বৰ্ষামুখ গাঁৱৰ আমি টাইড প্ৰত্যক্ষভাৱে জড়িত থকা বুলি ঘিলামৰা থানাত ২০১৩ চনৰ ৪ জানুৱাৰীত উজনি বৰ্ষামূখৰ লক্ষ্য নাথে (নং-৩৮/২০১৩) গোচৰ ৰুজু কৰিছিল।

ভাৰতীয় দণ্ড বিধি আইন মতে ৩৬৬/৩৬৬(এ)/১৪৭ ধাৰাত পঞ্জীভূত গোচৰত শুকুৰবাৰৰ দিনা দুৰ্ভগীয়া মহিলাগৰাকী সন্তানসহ আৰু এটা নাবালকক উদ্ধাৰ কৰে ঘিলামৰা অ’চি ভৱেন দিহিঙীয়াৰ নেতৃত্বত লিপিকা দাস, পাপু সন্দিকৈ, ঘনকান্ত লালুং, পূৰ্ণকান্ত শইকীয়া আৰু ডেনিয়েল পেগুৱে। এই দলটোৱে অৰুণাচলৰ দাপৰিজো আৰক্ষী থানাৰ প্ৰায় ২০০ কিলোমিটাৰ আঁতৰত আপাৰ সোৱণশিৰি জিলা তালিহা আৰক্ষী চকীৰ পৰা উদ্ধাৰ কৰে। উল্লেখযোগ্য যে অৰুণাচলৰ প্ৰদেশৰ চুম নগৰৰ টানিয়া পাৰ্টিৰ নামৰ মানৱ সৰবৰাহকাৰী চক্ৰটোক বিক্ৰী কৰিছিল। উদ্ধাৰ কৰা মহিলাগৰাকী আৰু নাবালক দুটাক আৰক্ষীয়ে সোধাপোছা কৰি আছে আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।