লখিমপুৰৰ এখন বিদ্যালয়ত সময় মতে শিক্ষয়িত্ৰী উপস্থিত নোহোৱাৰ অভিযোগ

 08/10/2019 - 17:26

লখিমপুৰঃ লখিমপুৰৰ এখন বিদ্যালয়। য'ত দুগৰাকী শিক্ষয়িত্ৰীয়ে পাঠ দান কৰে দুগৰাকী ছাত্ৰীক। সকলো ধৰণৰ চৰকাৰী সুবিধা পোৱাৰ পাছতো সময় মতে বিদ্যালয়ত শিক্ষয়িত্ৰী উপস্থিত নথকাৰ অভিযোগ উঠিছে। স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া অভিযোগ অনুসৰি বিদ্যালয়খনত নাই কোনো প্ৰাৰ্থনা কিম্বা ঘণ্টা বজোৱা ব্যৱস্থা। বিদ্যালয়খন হৈছে লক্ষীমপুৰ জিলা ফোকনহাতস্থিত চৰাইমৰীয়া কুঁহিনুৰ প্ৰাথমিক বিদ্যালয়।

ৰাইজৰ অভিযোগ অনুসৰি এই বিদ্যালয়খনত পাঠ দান অনিয়মীয়া হোৱাৰ বাবেই স্থানীয় ছাত্ৰ-ছাত্ৰীসকলক অভিভাৱকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াবলৈ বাধ্য। এইদৰেই বহু চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে সময় মতে পাঠ দান নকৰাকৈয়ে লাভ কৰি আহিছে চৰকাৰী বেতন। এনে বিদ্যালয়ৰ ওপৰত শিক্ষা বিভাগে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হে হ’ব লক্ষণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।