চিকিৎসকবিহীন তিতাবৰ বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰঃ কৃষক মুক্তিয়ে ওলোমালে তলা

 08/13/2019 - 14:33

তিতাবৰঃ চিকিৎসকবিহীন তিতাবৰ বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ওলোমালে তলা। এখন বৃহৎ চিকিৎসালয়ত চিকিৎসককে প্ৰমুখ্য কৰি কোনো চিকিৎসা কৰ্মী উপস্থিত নথকাৰ বাবে স্বতঃস্ফুট ভাৱে বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে। অভিযোগ মতে তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰত ১০ জনতকৈও অধিক চিকিৎসক, কেইবাগৰাকীও ফাৰ্মাচিষ্ট, নাৰ্চ, অন্যান্য চিকিৎসা কৰ্মী থকা সত্বেও কেইবাদিনো ধৰি বৃহৎ অঞ্চলটোৰ একমাত্ৰ চিকিৎসালয়খনত পাবলৈ নাই এজনো চিকিৎসক, ফাৰ্মাচিষ্ট আৰু নাৰ্চ।

ফলত চিকিৎসালয়খনলৈ দূৰ দূৰণিৰ পৰা নিতৌ শ শ ৰোগী আহি ঘূৰি যাব লগা হয়। ৰোগ দেখুৱাবলৈ অহা শ শ ৰোগী কেইবাদিনো ধৰি ঘূৰি যাব লগা হোৱাত আজি বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰটোলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ বিষয় ববীয়া আৰু স্থানীয় লোক গৈ উপস্থিত হোৱাত চিকিৎসালয়খনৰ চিকিৎসকসকল প্ৰশিক্ষণ ল’বলৈ যোৱা বুলি এখন ফলক মাৰি থোৱাত ক্ষোভিত হৈ সমিতিৰ বিষয় বববীয়াই চিকিৎসকৰ প্ৰতিটো ৰূমতে তলা ওলোমাই দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।