ওৰাঙত স্বাধীনতা দিৱস উদযাপন

 08/15/2019 - 13:29

ওৰাংঃ সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ লগতে ওৰাঙতো ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। আজি ওদালগুৰি জিলাৰ পূৱ প্ৰান্তত অৱস্থিত গ্ৰাম্য নগৰী ওৰাঙতো উলহ মালহেৰে স্বাধীনতা উদযাপন কৰা হয়। ওৰাঙৰ লক্ষীমন্দিৰ প্ৰাঙ্গনত উদযাপিত স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে বি টি চি পৰিষদৰ কাৰ্যবাহি সদস্য শ্যাম চুণ্ডীয়ে।

বৃহত্তৰ ওৰাংবাসীৰ লগতে ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, ওৰাং ভি চি ডিচিৰ সভাপতি আৰু ওৰাং অঞ্চলৰ গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত কণ কণ ছাত্ৰ-ছাত্ৰীয়ে সমৰ কলা আৰু বাৰেবৰণীয়া সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰি ৰাইজৰ মন মোহিত কৰি তোলে। স্বাধীনতা দিৱস উপলক্ষে ওৰাঙত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।