অভয়াপুৰীত স্বাধীনতা দিৱস উদযাপন

 08/15/2019 - 16:09

অভয়াপুৰীঃ অভয়াপুৰীত ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে অভয়াপুৰী গান্ধী ময়দানত উদযাপিত হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস। পুৱা ৮.৫৫ বজাত শ্বহীদ বেদীত মাল্যাৰ্পনৰ পিছতে পুৱা ৯ বজাত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহালৰ দ্বাৰা আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু অভিবাদন গ্ৰহণৰ লগতে কুছ-কাৱাজ প্ৰদৰ্শন।ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে প্ৰদৰ্শিত হয় বাৰেবৰনীয়া সাংস্কৃতিক অনুষ্ঠান। আজি অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্ৰতিকূল বতৰকো নেওচি ২ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।