তিতাবৰ টাউন য়ুথ ইউনিটৰ বৃদ্ধাশ্ৰমত ফল-মূল বিতৰণ

 08/15/2019 - 20:03

তিতাবৰঃ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি তিতাবৰ এক্সট্ৰিম বাইকাৰ্ছ আৰু তিতাবৰ টাউন য়ুথ ইউনিটৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। সন্তানৰ পৰা অৱহেলিত হৈ বৃদ্ধাশ্ৰমত আশ্ৰয় লোৱা জ্যেষ্ঠসকলৰ কাষত অনুষ্ঠান দুটাৰ কৰ্মকৰ্তা উপস্থিত হয়।

তিতাবৰৰ পৰা যোৰহাটলৈ বাহিৰ কৰিলে শান্তিৰ সমদল। যোৰহাটৰ সাৰথি বৃদ্ধাশ্ৰমত ফল-মূল আৰু সামগ্ৰী বিতৰণৰ উদ্দেশ্যৰে বাহিৰ কৰিলে শান্তিৰ সমদল। গ্ৰাম্য সাংবাদিক সন্থাৰ সম্পাদক ইউচুফ আলিয়ে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে শান্তিৰ সমদলটো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।