নলবাৰীত স্বাধীনতা দিৱস উপলক্ষে ফুটবল প্ৰতিযোগিতা

 08/15/2019 - 21:01

নলবাৰীঃ নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আজি ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নলবাৰীত অনুষ্ঠিত কৰা হয় স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা। গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি আবেলি ৩.৩০ বজাত অনুষ্ঠিত ফুটবল খেলখন যথেষ্ট আকৰ্ষণীয় হৈ পৰিছিল।

উল্লেখযোগ্য যে উপায়ুক্ত একাদশ আৰু বিধায়ক একাদশৰ মাজত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। নলবাৰী জিলাৰ বচা বচা খেলুৱৈসমৃদ্ধ দুয়োটা দলে ভাল খেল প্ৰদৰ্শন কৰে। ৩-২ গলৰ ব্যৱধানত উপায়ুক্ত একাদশে বিজয়ী হৈ স্বাধীনতা কাপ দখল কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।