বিদেশতো পালন কৰিলে দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস

 08/16/2019 - 13:55

বঙাইগাঁওঃ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস এইবাৰ বিদেশতো পালন কৰা হৈছে। চৌদি আৰৱৰ পবিত্ৰ মক্কাৰ আজিজীয়াত মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটীৰ উদ্যোগত অসমৰ হজযাত্ৰীসকলে ডিঙিত গামোচা লৈ স্বাধীনতা দিৱস পালন কৰে। ভাৰতীয় সময় অনুসৰি পুৱা ৯ বজাত অসম আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ মুখ্য সচিব মনিৰ উদ্দিনৰ সহযোগত হাজী দেৱান নুৰ ইছলাম, ছামচুল হক আৰু উত্তৰ পূৰ্বাঞ্চলৰ যুটীয়া হজ কমিটীৰ সম্পাদক আব্দুল হান্নান তাপাদাৰে যুটীয়াভাৱে পতাকা উত্তোলন কৰে।

পতাকা উত্তোলন কাৰ্যসূচীত অসমৰ কেবা শতাধিক হজযাত্ৰী উপস্থিত থাকি জন গণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা সংগীত পৰিবেশন কৰে। বিদেশত থাকিলেও এই গুৰুত্বপূৰ্ণ দিনটোক গৌৰৱেৰে সুঁৱৰিবলৈ সুযোগ পাই যথেষ্ট আনন্দিত হৈছে ভাৰতীয়সকল। পোন প্ৰথমবাৰৰ বাবে মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটীয়ে এই পদক্ষেপ লৈছে। হজযাত্ৰীসকলে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে হাত তুলি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।