স্বাধীনতা দিৱস সাতোঁৰত উজ্বলিল হৃতমৰাজ

 08/16/2019 - 17:56

আমিনগাঁওঃ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলা সাতোঁৰ সন্থাৰ দ্বাৰা বঙাইগাঁও সাতোঁৰ প্ৰশিক্ষণ কেন্দ্ৰত সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এদিনীয়া কৈ আয়োজিত সাতোঁৰ প্ৰতিযোগিতাত ফ্ৰী-ষ্টাইল, বেক-ষ্টক, ব্ৰেষ্ট ষ্ট্ৰোকত আৰু ইণ্ডিভিজুৱেল মেডলিত অংশগ্ৰহণ কৰি ৪ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে হৃতমৰাজ শৰ্মাই।

হৃতমৰাজ শৰ্মাই ৫০ মিটাৰ ফ্ৰী-ষ্টাইল,৫০মিটাৰ বেক-ষ্টক, ৫০ ব্ৰেষ্ট ষ্ট্ৰোকত আৰু ২০০ ইণ্ডিভিজুৱেল মেডলিত একেৰাহে ৩য় স্থান দখল কৰি চাৰিটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ৫ম মান শ্ৰেণীৰ ছাত্ৰ হৃতমৰাজ শৰ্মা বঙাইগাঁও বৰপাৰা নিবাসী সুকুমাৰ শৰ্মা আৰু দীপাঞ্জলী শৰ্মাৰ একমাত্ৰ পুত্ৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।