কণ্ঠশিল্পী কৰবী দাসৰ হত্যাৰ ন্যায় বিচাৰি বৰপেটা শিল্পী সমাজৰ প্ৰতিবাদ

 08/17/2019 - 13:44

বৰপেটাঃ জনপ্ৰিয় কণ্ঠশিল্পী কৰবী দাসৰ হত্যাৰ ন্যায় বিচাৰি বৰপেটা শিল্পী সমাজ শুভকাংক্ষী তথা সচেতন ৰাইজে বৰপেটা পাঁচ আলি চকত শুকুৰবাৰে আবেলি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে যোৱা কিছুদিন আগতে কৰবী দাসৰ মৃতদেহ ৰহস্যজনক অৱস্থাত প্ৰেমিক ঋতুপৰ্ণ দাসৰ ভাড়াঘৰত উদ্ধাৰ হয়। মৃত্যুৰ আগমুহুৰ্তত কৰবী দাসে লিখি থৈ যোৱা এক চুইচাইড নোট আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী সময়ত প্ৰেমিক ঋতুপৰ্ণক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও আৰক্ষীৰ তদন্তৰ গতি লেহেমীয়া তথা মৰোণোত্তৰ প্ৰতিবেদন প্ৰকাশ নকৰাত কৰবী দাসৰ পৰিয়ালৰ হৈ কৰবী দাসৰ মোমায়েকে উদ্বিগ্নতা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে কৰবীৰ এই মৃত্যু স্বাভাৱিক মৃত্যু নহয় এইয়া এক পৰিকল্পিত হত্যাকাণ্ড। কৰবী দাসক হত্যা কৰা হত্যাকাৰী ঋতুপৰ্ণ দাসে যাতে উপযুক্ত শাস্তি পায় তাৰ কাৰণে কৰবীৰ মোমায়েকে দাবী উত্থাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।