নিবন্ধকাৰ, গল্পকাৰ মামণি ডেকালৈ অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ সন্মান

 08/17/2019 - 14:24

ডিজিটেল ডেস্কঃ দেশৰ স্বাধীনতা দিৱস পালনৰ মুহূৰ্তত ৰাজ্য চৰকাৰে ৪৩ গৰাকী সাহিত্যিকলৈ সাহিত্যিক পেন্সন প্ৰদান কৰাৰ নাম ঘোষণা কৰে আৰু ইয়াৰ মাজত নলবাৰী জিলাৰ বৰনৰ্দ্দী হাটখোলা নিবাসী নিবন্ধকাৰ, গল্পকাৰ, বাতৰি-কাকত আলোচনীৰ নিয়মীয়া লেখিকা, এগৰাকী বিশিষ্ট সাহিত্যিক মামণি ডেকালৈয়ো এই সন্মান প্ৰদান কৰে। নলবাৰী জিলাৰ বেলশৰ বৰাখাটত ১৯৫৫ চনৰ ৩০ এপ্ৰিলত জন্মগ্ৰহণ কৰা ডেকাই সৃষ্টিৰ দুৰ্নিবাৰ হেঁপাহ থকা হেতুকে; দায়িত্বশীল এগৰাকী গৃহিণী হৈয়ো সময়ৰ ফাঁকে ফাঁকে ১৯৯৩ চনৰ পৰা হাতত কলম তুলি লয়।

অসমীয়া প্ৰতিদিন, দৈনিক অসম, সাদিন, অসম বাণী, নিয়মীয়া বাৰ্তা, নন্দীনি, প্ৰিয় সখী, বিন্দু, স্পৰ্শ, বিচ্ছুৰিত বৰ্ণালী, জোনাক আদি আগশাৰীৰ বাতৰি কাকত-আলোচনীত প্ৰায় নিয়মীয়াকৈ অনুভূতিৰ তীব্ৰতাৰে, তীক্ষ্ণ পৰ্যবেক্ষণশীলতা আৰু প্ৰসাৰিত দৃষ্টিৰে অনেক লেখনি লিখি আহিছে মামণি ডেকাই। নলবাৰী জিলা প্ৰশাসনে এইবেলি পালিত ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষত গৰ্ডন উচ্চতৰ মাধ্যমিক খেলপথাৰত মামণি ডেকাক সাহিত্যিক পেন্সন পোৱা হেতু সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে প্ৰায় ২০০ টা প্ৰবন্ধ, ৩০ টা গল্প, ২০ টা কবিতা, ২ খন উপন্যাসিকা, ১ খন একাংকিকা নাট, ৪০ টি গীত আদিৰে সাহিত্যৰ পথাৰখনত নিজৰ সৃষ্টিৰাজিক আগুৱাই নিয়াৰ প্ৰয়াস কৰি আহিছে লেখিকাগৰাকীয়ে।

সাহিত্যিকগৰাকীয়ে হিয়াৰ নিজানৰ বতৰা, বাৰ মাহৰ বৰ্ণিল বতৰা, হিয়াৰ বাৰেৰহণীয়া বতৰা, হিয়াৰ আঁচলৰ বৰ্ণালী শীৰ্ষক প্ৰবন্ধ সংকলন, জোনাকত ফুলে সাধনাৰ শেৱালি (গল্প সংকলন) আৰু কামৰূপী লোকগীতৰ সংকলনসহ মুঠ ৬ খন কিতাপ ইতিমধ্যে প্ৰকাশ হৈছে আৰু ৩ খন যন্ত্ৰস্থ অৱস্থাত আছে।

স্পৰ্শ সাহিত্য বঁটা, সদৌ অসম সাংস্কৃতিক সমন্বয় সংস্থা (আকু)ই জনপ্ৰিয় গল্পকাৰ বঁটা, শ্ৰেষ্ঠ প্ৰাবন্ধিক হিচাপে বিন্দু সাহিত্য সন্মান ইতিমধ্যে পোৱা, অসম সাহিত্য সভাৰ আজীৱন সভ্য পদ ইতিমধ্যে লৈ পাৰ্যমানে সমাজ সংস্কাৰৰ দিশত কামত অহাকৈ নৱ-প্ৰজন্মক সাহিত্য সাধনাৰ ক্ষেত্ৰত উদ্বুদ্ধ কৰাৰ মাজেৰে নিজৰ দায়িত্ব আৰু দায়বদ্ধতাবোধৰ পৰিচয় দিয়া মামণি ডেকাৰ 'সাহিত্যিক পেন্সন' সন্মান প্ৰাপ্তিত বৰনৰ্দ্দীবাসীৰ লগতে আত্মীয় স্বজন, শুভাকাঙ্খী-অনুৰাগীৰ মাজত আনন্দৰ নিজৰা বৈ যায়।

ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপ্ত শিক্ষক জিতেন্দ্ৰ নাথ ডেকাৰ পত্নী মামণি ডেকাৰ এই কৃতিত্বত অখিল সাহিত্য পৰিষদ, বৰনৰ্দ্দী গাঁও উন্নয়ন সমিতি,বৰনৰ্দ্দী আঞ্চলিক চৰকাৰী পেন্সনাৰ গোট, বৃহত্তৰ বৰনৰ্দ্দী আঞ্চলিক জ্যেষ্ঠ নাগৰিক সমিতি, সৰগম সংগীত বিদ্যালয়, জোনাক আলোচনী গোষ্ঠী আদিয়ে শুভকামনা জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।