08/17/2019 - 15:26
in
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন চহৰক দ্ৰুতবেগী ৰেল সেৱাৰে সংযুক্ত কৰাৰ পৰিকল্পনা কৰিছে ভাৰতৰ ৰে'ল বিভাগে। সেই মৰ্মে ইতিমধ্যে দেশৰ একাধিক চহৰত দ্ৰুতবেগী ৰে'ল সেৱা প্ৰচলনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দিল্লী আৰু মুম্বাইৰ মাজতো চলিব দ্ৰুতবেগী ৰে'ল।
দ্ৰুতবেগী ৰেল সেৱা আৰম্ভ হোৱাৰ পিছত ১৩ ঘণ্টাৰ ভিতৰতে মুম্বাই আৰু নতুন দিল্লীৰ মাজত ৰে'ল যাত্ৰা সম্ভৱ হৈ উঠিব। শেহতীয়াকৈ ৰে'ল দপ্তৰে মুম্বাই আৰু দিল্লীৰ মাজত হোমেন বাছ ৰেল চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। ৰেল বিভাগে জনোৱা তথ্য অনুসৰি নতুনকৈ চলাচল কৰোৱাবলগীয়া ৰেলখনত মুঠ ১৪টা দবা থাকিব।