অভয়াপুৰীত ৩ খন ট্ৰাকক লৈ চাঞ্চল্য

 08/17/2019 - 16:55

অভয়াপুৰীঃ নিষিদ্ধ সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ ট্ৰেনজিত কেম্পলৈ পৰিনত অভয়াপুৰী। অভয়াপুৰীত ৩ খন ট্ৰাকক লৈ চাঞ্চল্য।উল্লেখ্য যে অভয়াপুৰী দেওহাটী ৰিলায়েঞ্চ তেল পাম্পৰ চৌহদত ৰৈ থকা AS 19C 9050, AS 19C 1174 আৰু AS 19AC 2774 ট্ৰাকত নিষিদ্ধ বাৰ্মিজ চুপাৰি থকাৰ সন্দেহ লাচিত সেনা, বজৰংগ দল, কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ । ১৬ আগষ্ট আবেলি ২ বজাতে ঘটনা সন্দৰ্ভত সাংবাদিক আৰু দল-সংগঠনে সাধাৰণ প্ৰশাসন, আৰক্ষী প্ৰশাসনক অবগত কৰাৰ পিছতহে ৰহস্যজনক ভাবে ২০ ঘন্টা উকলি যোৱাৰ পিছতহে ঘটনাস্থলীত উপস্থিত হল আৰক্ষীৰ লোক ।

ঘটনাস্থলীত উপস্থিত থকা দল-সংগঠনৰ নেতা আৰু স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসন তথা মহকুমা প্ৰশাসনৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি কয় যে অভয়াপুৰীত নিষিদ্ধ বাৰ্মিজ চুপাৰিৰ চোৰাং ব্যৱসায় চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া। এগৰাকী ট্ৰাক চালকে জানিবলৈ দিয়া মতে নিষিদ্ধ বাৰ্মিজ চুপাৰি মিজোৰামৰ আইজলত লোড কৰি সকলো পক্ষক মেনেজ কৰি শিলচৰ হৈ অসমৰ মাজেৰে বহি: ৰাজ্যলৈ সৰবৰাহ হৈ থকাৰ লগতে শিলচৰৰ ফকিৰুল নামৰ লোক এজন উক্ত ব্যৱসায়ৰ লগত জড়িত বুলিও অভিযোগ তোলে। এই ব্যৱসায়ৰ লগত বিয়াগোম নেতা, উচ্চপদস্থ চৰকাৰী বিষয়া জড়িত হোৱাৰ সন্দেহ ৰাইজৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।