হাজোৰ কলাজল নৈত বিষক্ৰিয়াৰ ফলত মাছৰ মৃত্যু

 08/17/2019 - 17:51

কামৰূপঃ হাজোৰ কলাজল নৈত বিষক্ৰিয়া। নৈৰ পানীত ওপঙি উঠিছে বহুসংখ্যক মৃত মাছ। পানীত কেৱল মাছ। ৰৌ, বৰালি, চিতল, আৰি উপঙিছে নৈৰ পানীত। স্থানীয় ৰাইজ চিন্তিত কিদৰে অস্বাভাৱিক হাৰত মৃত্যু হ’ব মাছৰ! কলাজলৰ পানীত বিষক্ৰিয়াৰ ঘটনাক লৈ চাঞ্চল্য হাজোত। একাংশৰ সন্দেহ পানীত কোনো দুষ্ট চক্ৰই ঢালিছে বিহ যাৰ বাবে এনেকৈ অস্বাভাৱিক হাৰত মৃত মাছ উপঙিছে পানীত।

মাছ ধৰিবলৈ হাজোৰ ভেলামাৰীত এইদৰে ওলাই আহিল ৰাইজ। ঘটনাৰ পাছতো মীন বিভাগ আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই ঘটনাস্থলীত। যদি এয়া দুষ্ট চক্ৰৰ দ্বাৰা সংঘটিত ঘটনা হয়, তেন্তে কলাজল নৈৰ জৈৱ বৈচিত্ৰৰ প্ৰতি যে ভাবুকি আহিব সেয়া নিশ্চিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।