হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদত উত্তাল হ’ল মৰিগাঁও চহৰ

 08/17/2019 - 18:23

মৰিগাঁওঃ শনিবাৰে হিন্দু জাগৰণ মঞ্চৰ কেইবাশতাধিক প্ৰতিবাদ কাৰীৰ প্ৰতিবাদত উত্তাল হ’ল মৰিগাঁও চহৰ। প্ৰতীক হাজেলা মুৰ্দাবাদ, ভাৰত মাতা কী জয়, জয় সীতা ৰাম আদি শ্ল’গানত মুখৰিত হ’ল মৰিগাঁও চহৰৰ পৰিবেশ। মৰিগাঁও জিলা হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত এক বিশাল প্ৰতিবাদী সমদল উলিয়াই হাতে হাতে বেনাৰ, পোষ্টাৰ, ফেষ্টুন আদি লৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ স্বচ্ছ আৰু নীতি নিয়মৰ মাজেদি শুদ্ধ ভাবে কৰাৰ বাবে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰে এক স্মাৰক পত্ৰ।

প্ৰতিবাদকাৰী হিন্দু জাগৰণ মঞ্চৰ দাবী এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই এন আৰ চি প্ৰকাশৰ কাম ২৭% হোৱা বুলি দাবী কৰি দিয়া বিবৃতিত আশ্বাসত সন্তুষ্ট নহয় হিন্দু জাগৰণ মঞ্চ। সেয়েহে তেওঁলোকৰ দাবী প্ৰয়োজনত আৰু অধিক সময় লৈ হ’লেও খিলঞ্জীয়াক সুৰক্ষা দিব পৰা এখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ কৰক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।