বানপীড়িতক সাহায্য বিতৰণ গুৱাহাটী অভিযান্ত্ৰিক কলেজৰ

 08/17/2019 - 18:47

 নগৰবেৰাঃ চলিত বৰ্ষৰ ভয়াৱহ বানে জুৰুলা কৰিছে লাখ লাখ লোকক। তচনচ কৰিছে শ শ পৰিয়ালক। ঘৰ দুৱাৰৰ লগতে নষ্ট কৰিছে কৃষি ভুমি। গৃহহীন হৈছে বহু পৰিয়াল। বানত সৰ্বস্বান্তসকলক গুৱাহাটীৰ অভিযান্ত্ৰিক কলেজৰ শিক্ষাৰ্থীসকলে শনিবাৰে নগৰবেৰাত বানপীড়িত লোকৰ মাজত বিতৰণ কৰে কাপোৰ, নেপকিনৰ লগতে খাদ্য সামগ্ৰী। শতাধিক পৰিয়ালৰ মাজত প্ৰায় ৯ টন খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে দুৰ্ভগীয়া পৰিয়ালৰ মাজত বিতৰণ যথেষ্ট সংখ্যক কাপোৰ।

ৰাষ্ট্ৰীয় সেৱা যোজনা কেৰেলা শাখাৰ সহযোগত অভিযান্ত্ৰিক কলেজৰ প্ৰায় ৪০ জনীয়া শিক্ষাৰ্থীৰ দল এটাই নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত সাহায্য সামগ্ৰী বিতৰণ কৰে। অভিযান্ত্ৰিক কলেজৰ শিক্ষাৰ্থী সকলৰ এই প্ৰচেষ্টাৰ শলাগ লয় বানপীড়িত লোকৰ লগতে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।