চি আৰ ইউ ৰ প্ৰতিবাদ

 08/17/2019 - 19:16

নলবাৰীঃ চেন্টাৰ অৱ মেডিকেল এণ্ড চেলছ ৰিপ্ৰেজেনটেটিভচ্ ইউনিয়ন উত্তৰ পূৰ্বাঞ্চলৰ এটা অন্যতম শ্ৰমিক সংগঠন। এই সংগঠন সৰ্বভাৰতীয় সংগঠন এফ. এম .আৰ .এ. আই. আৰু চি .আই. টি. ইউ. ৰ অন্তৰ্ভুক্ত। এই সংগঠনে চেলছ্ প্ৰমোছন এমপ্লয়িজ (জনপ্ৰিয় নাম মেডিকেল ৰিপ্ৰেজেনটেটিভচ্)ৰ বাবে অহৰহ কাম কৰি আহিছে। আজি ১৭ আগষ্ট তাৰিখে উত্তৰ পূৰ্বাঞ্চলৰ সকলো মেডিকেল ৰিপ্ৰেজেনটেটিভৰ লগতে নলবাৰীতো পুৱা ১০ বজাৰ পৰা ১ বজালৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখযোগ্য যে চেলছ্ প্ৰমোছন এমপ্লয়িজ ৰ বাবে এখন অন্যতম আইন হ'ল চেলছ্ প্ৰমোছন এমপ্লয়িজ এক্ট ১৯৭৬। এই আইন খন এতিয়া নোহোৱা কৰি লেবাৰ ওৱেজ ক’ডলৈ ৰূপান্তৰ কৰাত সকলো চেলছ প্ৰমোচনেল এম্পলইয়ে অসন্তুষ্ট হৈছে। আজি তেওঁলোকে ডেৰশতাধিক সদস্যই নলবাৰীৰ পোষ্ট অ’ফিচ চ’কত সমদল হৈ ইয়াৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰে আৰু সভাপতি অসীম কুমাৰ দাসৰ সভাপতিত্বত এখন পথ সভাও অনুষ্ঠিত কৰা হয়।

চি.আৰ.ইউ. নলবাৰী জিলাৰ সম্পাদক ৰাতুল বৰ্মনে চৰকাৰৰ এই শ্ৰমিক বিৰোধী নীতিৰ সমালোচনা কৰে আৰু কয় যে – নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয় বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পাছতে তথাকথিত শ্ৰম আইন সংশোধনী ৰ কাম ক্ষীপ্ৰ কৰি তোলে।

পুঁজিপতিৰ স্বাৰ্থত সকলো শ্ৰম আইন চাৰিটা শ্ৰম সংহিতা( Labour Code )লৈ পৰিৱৰ্তন কৰাৰ কাম আৰম্ভ হয়। যাৰ ফলস্বৰূপে আন আন শ্ৰমিকৰ লগতে মেডিকেল ৰিপ্ৰেজেনটেটিভচেও নিজৰ জীৱিকা হেৰুৱাৰ উপক্ৰম হৈছে। চি.আৰ.ইউ. ৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক নৃপেন চন্দ্ৰ কলিতাই তেখেতৰ ভাষণত সকলো শ্ৰম আইন পূৰ্বৰ দৰে বলবৎ ৰাখিবলৈ দাবী জনাইছে।

চি.আই.টি.উ.ৰ জিলা কাৰ্যনিৰ্বাহক সদস্য ৰবিন শৰ্মাই বক্তব্য দি কয় যে মালিক পক্ষৰ স্বাৰ্থত চৰকাৰে শ্ৰম আইন সংশোধন কৰিবলৈ ওলোৱা এই চক্ৰান্ত শ্ৰমিকৰ বিপক্ষে। নলবাৰী জিলা শ্ৰম বিষয়াৰ যোগেৰে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীলৈ এই আইন সলনিৰ সিদ্ধান্ত বাতিলৰ দাবী জনাই ডেৰশতাধিক স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।