খোৱাঙত ভয়ংকৰ অগ্নিকাণ্ড

 08/17/2019 - 19:32

খোৱাংঃ শনিবাৰে খোৱাঙত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। জানিব পৰামতে খোৱাঙৰ নাহৰণিৰ ভৰত শইকীয়া নামৰ লোক জনৰ ঘৰ জ্বলি ভস্মীভূত হয়। অগ্নিকাণ্ডত ঘৰৰ সকলো আচবাব জুইত জাহ যায়। অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰত কোনো লোক নাছিল।

অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও স্থানীয় ৰাইজে বিদ্যুতৰ শ্বৰ্টচাৰ্কিটৰ ফলতে হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে দূৰ্ভগীয়া পৰিয়ালটোৱে দিন হাজিৰা কৰি দিন অতিবাহিত কৰিছিল ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।