দৰং আৰক্ষীৰ বৃহৎ সফলতা

 08/17/2019 - 19:51

মঙলদৈঃ দৰং আৰক্ষীৰ বৃহৎ সফলতা। দৰং আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক উজ্জ্বল বৰুৱা আৰু উপ-পৰিদৰ্শক কৃষ্ণ কান্ত লস্কৰ সহিতে এটি আৰক্ষীৰ দলে গুৱাহাটী আৰু জাগীৰোডৰ ভিন্ন অঞ্চলত অভিযান চলাই আটক কৰে ৮ টাকৈ দুৰ্ধৰ্ষ ডকাইত। লগতে জব্দ কৰে দুখনকৈ চাৰিচকীয়া বাহন। জব্দ কৰা বাহনকেইখন ক্ৰমে AS21E7091 নম্বৰ এখন চুইফট ডিজাইয়াৰ আৰু এখন AS02N5944 নম্বৰৰ এল্ট' বাহন।

আনহাতে দুৰ্ধৰ্ষ ডকাইত কেইটাৰ নাম হৈছে গোলাঘাটৰ ওৱাহিদূৰ ৰহমান, মায়ঙৰ হাফিজুৰ ৰহমান, জাগীৰোডৰ চিৰাজুল হক, দৰঙৰ গণেশ কুঁৱৰীৰ মনোৱাৰ আলী, মৰিগাঁৱৰ ইনচান আলি আৰু চাইফুল ইছলাম, মায়ঙৰ ইছমাইল হুছেইন আৰু জাগীৰোডৰ আৰিফ আলী বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে যোৱা ১০ আগষ্টত ছিপাঝাৰ থানাৰ অন্তৰ্গত ডামপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী চিৰাজুল হকৰ ঘৰত নিশা সোমাই ঘৰৰ পৰিয়ালক বান্ধি লুট-পাট কৰি প্ৰায় লক্ষাধিক টকা নগদ ধনৰ লগতে সোণৰ গহনা লৈ পলায়ন কৰিছিল। সম্প্ৰতি অধিক তথ্যৰ বাবে মঙ্গলদৈ সদৰ থানাত দৰং আৰক্ষীৰ অধীক্ষক অমৃত ভূঞাই সোধ-পোচ চলাই আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।