নলবাৰীত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক সম্বৰ্ধনা

 08/17/2019 - 20:49

নলবাৰীঃ মঙলদৈ লোকসভা সমষ্টিৰ নবনিৰ্বাচিত সাংসদ দিলীপ শইকীয়াক ভাৰতীয় জনতা পাৰ্টি বড়িগোগ বনভাগ মণ্ডলৰ উদ্যোগত আজি ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত এখন সভা অনুষ্ঠিত কৰি কেইবাটাও দল সংগঠনে সম্বৰ্ধনা জনায়। আনহাতে সম্বৰ্ধনা সভাতে সাংসদগৰাকীৰ উপস্থিতিত কেইবাজনো কংগ্ৰেছৰ কৰ্মীয়ে যোগদান কৰে। ইফালে উক্ত সভাখনত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়কৰ লগতে জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, জিলা পৰিষদৰ সভাপতি নিতুল ডেকাৰ লগতে কেবাগৰাকীও নেতা কৰ্মী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।