বিজনীত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সমদল

 08/18/2019 - 13:39

বিজনীঃ চিৰাং জিলাৰ বিজনীত আজি এবছুৰ ড্ৰাগছৰ বিৰুদ্ধে সজাগতা বাইক সমদল উলিয়ায়। বিজনী চহৰৰ চুকে কোণে দিনে দিনে বাঢ়ি গৈছে ড্ৰাগছ সৰবৰাহকাৰী। ইফালে বিজনীত আৰক্ষীয়ে ভালে কেইজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে। বিজনীৰ ৰাইজৰ হকে আজি ড্ৰাগছ বিৰোধী সজাগতা বাইক সমদল উলিয়ায়।

ড্ৰাগছ বিৰোধী সজাগতা সমদলটো বিজনী ক্ৰীড়া সন্থাৰ খেল পথাৰৰ পৰা আৰম্ভ কৰি বিজনীৰ সমগ্ৰ মহকুমা অঞ্চল পৰিভ্ৰমণ কৰে। উক্ত সমদলটো পতাকা জোকাৰি মুকলি কৰে বিজনী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক কুমাৰ বৰাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।