সুদীৰ্ঘ আঠ বছৰ বিৰতিৰ পিছত পুণৰ আৰম্ভ হ'ব অৰ্থনৈতিক জৰীপ

 08/18/2019 - 14:48

দলগাঁওঃ চলিত মাহৰ শেষৰ ফালে আৰম্ভ হব অৰ্থনৈতিক জৰীপ। দলগাঁওত দুই শতাধিক চিএচচি ভিএলই- ৰ উপস্থিতিত প্ৰশিক্ষণ শিবিৰ সম্পন্ন । অৰ্থনৈতিক জৰীপ কৰিবলৈ প্ৰথম বাৰৰ বাবে ব্যৱহাৰ কৰা হ'ব মবাইল এপ্লিকেচন । দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমৰ দৰং জিলাতো আৰম্ভ হ'ব এই জৰীপ। দেশৰ প্ৰতিজন নাগৰিকৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰকৃত প্ৰতিছৱি প্ৰস্তুত কৰিবলৈ এইবাৰ চৰকাৰে সাধাৰণ সেৱা কেন্দ্ৰ চমুকৈ (চি এচ চি)-গাওঁ পৰ্য্যায়ৰ উদ্যোক্তা চমুকৈ (ভি এল ই)ৰ জৰিয়তে গণনাকাৰীৰ নিয়োগ কৰি এই অৰ্থনৈতিক জৰীপ চলোৱাৰ কথা সদৰি কৰিছে। আজি দলগাঁওৰ কল্যাণ গাঁও পঞ্চায়তৰ সভা কক্ষত প্ৰায় দুই শতাধিক চিএচচি ভিএলই আৰু সমীক্ষকৰ- ৰ উপস্থিতিত প্ৰশিক্ষণ শিবিৰ সম্পন্ন কৰা হয়। এই অৰ্থনৈতিক জৰীপত কি কি বস্তু আৰু কোন কোন বিষয় অন্তৰ্ভূক্ত কৰা হব সেই বিষয়ে বিস্তাৰিত আলোচনা কৰাৰ লগতে মোবাইল এপ'ৰ জৰিয়তে কেনেদৰে জৰীপৰ তথ্য সংগ্ৰহ কৰিব তাৰ এটা নমুনা প্ৰদৰ্শন কৰা হয়। এই প্ৰশিক্ষণ কৰ্মশালাত ৰাষ্ট্ৰীয় চেম্পল চাৰ্ভে কাৰ্যালয়(এফ অ ডি) তেজপুৰ, কে চি বড়ো (এফ অ), সাধাৰণ সেৱা কেন্দ্ৰ দৰঙৰ পৰিচালিকা ধনজাশ্ৰী সৰকাৰ, মিতুল ডেকাৰ লগতে দৰং জিলা ভি এল ই সন্থাৰ সভাপতি আমিনুল হকো উপস্থিত থাকে। ইয়াৰ পূৰ্বে পূৱ আৰু পশ্চিম মঙ্গলদৈ, ছিপাঝাৰত প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছিল। অহা ১৯ আৰু ২০ আগষ্টত ক্ৰমে কলাইগাঁও আৰু বেছিমাৰীত কৰ্মশালা অনুষ্ঠিত কৰা হব বুলি জনাইছে পৰিচালিকা ধনজাশ্ৰীয়ে। অৰ্থনৈতিক জৰীপ সম্পূৰ্ণ নিকা আৰু শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ সকলো স্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে চৰকাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।