জাগীৰোড ক্ৰীড়া সন্থাৰ বাৰ্ষিক অধিবেশন সম্পন্ন

 08/18/2019 - 15:54

জাগীৰোডঃ শনিবাৰে জাগীৰোড মহাবিদ্যালয়ৰ পবিতৰা ব্লক পেক্ষাগৃহত জাগীৰোড ক্ৰীড়া সন্থাৰ বাৰ্ষিক অধিবেশন সম্পন্ন হৈ যায়, অধিবেশনত মূখ্য অতিথি হিচাপে উপস্থিত থাকে জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ নগৰ উন্নয়ন, ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী পিযুষ হাজৰিকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত বি চি নেওঁগ, লগতে জাগীৰোডৰ বিশিষ্ট ব্যক্তিসকল ক্ৰমে এম তামুলি, নয়নমনি বৰুৱা, ৰবিন শৰ্মা, ডিতু ডেকা, দেউশাল পঞ্চায়তৰ সভানেত্ৰী, আঞ্চলিক সদষ্য দেৱাশীষ দাস প্ৰমুখ্যে খেলৰ লগত জড়িত বহু গণ্য মান্য ব্যক্তি।

অধিবেশনত জাগিৰোড ক্ৰীড়া সন্থাৰ যোৱা বছৰৰ হিচাপ নিকাচকে আদি কৰি সম্পূৰ্ণ কামৰ খতিয়ান দাঙি ধৰা হয় আৰু আগন্তুক বৰ্ষৰ বাজেটকে আদি কৰি কাৰ্যপন্থা ঠিক কৰা হয়, আগন্তুক বৰ্ষৰ বাবে ষ্টেডিয়াম নিৰ্মাণ আৰু উন্নতিৰ বাবে প্ৰাৰম্ভিক বাবে ছয় লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা হয়, জাগিৰোড ক্ৰীড়া সন্থাৰ অন্তৰ্ভূক্ত ২৫টা ক্লাবক ফুটবল, ভলীবল, নেট আদি বিতৰন কৰে৷

জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ নগৰ উন্নয়ন, ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী তথা জাগীৰোড ক্ৰীড়া সন্থাৰ সভাপতি পিযুষ হাজৰীকাই লগতে ৩৪টা ফুটবল টীমক মন্ত্ৰী হাজৰীকাই জাৰ্চিৰ যোগান দিব বুলিওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে লগতে জাগিৰোড ক্ৰীড়া সন্থাক অসমৰ ভিতৰত এখন লেখত লবলগীয়া ক্ৰীড়া সন্থা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সকলো খেলুৱৈ সকলৰ প্ৰতি আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।