মানৱ সম্পদ উন্নয়ন প্ৰতিষ্ঠানৰ বিশেষ অভিনন্দন কাৰ্যসূচী

 08/18/2019 - 19:03

গৌৰীপুৰঃ হিউমেন ৰিছোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ অধীনত আজি এক প্ৰতিভা সন্ধানীমূলক বৃত্তি পৰীক্ষা অনুষ্ঠিত হয়। ধুবুৰী জিলাৰ পৰা সুখ্যাতিৰে উত্তীৰ্ন হোৱা ছাত্ৰ-ছাত্ৰীসকলক গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত প্ৰমাণ পত্ৰ আৰু মাননীসমূহ প্ৰদান কৰা হয়।

উল্লেখ যে উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ আব্দুল হানিফ তালুকদাৰ, গৌৰীপুৰ শাখা সাহিত্য সভাৰ সভাপতি ক্ষিতেশ ৰায়, গৌৰীপুৰ মদিনাটোল উলুম হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নজৰুল হক, HRDI ৰ ধুবুৰী জিলাৰ জিলা সমন্বয়ক আজিজুৰ ৰহমানৰ উপৰি বহু বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষয়ত্রী আৰু বহু গণ্য মান্য ব্যক্তি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।