নলবাৰীত বিজেপিৰ সদস্য পৰ্ব-সদস্যতা অভিযান

 08/18/2019 - 19:43

নলবাৰীঃ বিজেপি ইছলাম বিৰোধী দল নহয়। জনগণৰ স্বাৰ্থত কাম কৰা দলে হৈছে বিজেপি। বিগত সময়ত পকেট ভোটৰ স্বাৰ্থত কংগ্ৰেছে অপপ্ৰচাৰ চলাইছিল বিজেপি সাম্প্ৰদায়িক দল বুলি। চৰকাৰৰ উন্নয়নমূলক কাম কাজত সন্তষ্ট হৈ বিজেপিত হোৰাহোৰে বাঢ়িছে সদস্য। এই মন্তব্য নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ। নলবাৰীৰ কলা ফকিৰ তোলা মোক্তাৱত আজি এখন সভা অনুষ্ঠিত হয়‌।

সভাত বিজেপিত প্ৰায় শতাধিক সংখ্যালঘু ভোটাৰ বিজেপিৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে। উক্ত সভাখনত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা। জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাকে ধৰি কেইবাগৰাকী বিজেপি নেতা কৰ্মী। উল্লেখযোগ্য যে বিজেপি দলৰ প্ৰতি সংখ্যালঘু ভোটাৰ আকৃষ্ট হৈ যোগদান কৰাতো দলটোৰ বাবে শুভ লক্ষণ। ইপিনে জ্যেষ্ঠ বিজেপি আৰ পি শৰ্মাই দল ত্যাগ বিষয়টোৰ পৰা আঁতৰি থাকে বিধায়কগৰাকী৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।